0
লাফিং বুদ্ধ
Dr Prayag Saikia
লক্ষ্যধৰ চৌধুৰী : নাট্যকাৰ, অভিনেতা, কবি আৰু গল্পকাৰ
***
বুকুত গান
মুখত হাঁহি
গুৱাহাটীৰ লেম্ব ৰোডত
উত্তৰপৰীয়া ৰংমহলৰ এটি বাঁহী
বাঁহীটিৰ নাম অঞ্জনজ্যোতি
পিতা লক্ষ্যধৰ
ককা ভূধৰ
আই ঊষা আইতা উমাকান্তি
১৭ জানুৱাৰীত জন্ম এওঁৰ
জন্মোতেই লৈ আহিল শিল্পীপ্ৰাণৰ কান্তি
আমাৰ ভাষাত ৰসৰ ৰজা লক্ষ্মীনাথ
আৰু শদিয়াৰ পৰা ধুবুৰীলৈ
ৰংমহলৰ লক্ষ্যধৰ
ৰঙৰ নাথ
ৰং উত্তম ৰস
অঞ্জনজ্যোতিয়ে ল'লে যেন
দুয়ো কাণ্ডাৰীৰ আত্মাৰ পাঠ
জীৱন জুখিবা হাঁহিৰে
পিতাকৰ কথা
অঞ্জনজ্যোতিয়ে
ধৰিলে মনেৰে
জাতিটোক হঁহোৱাৰ পণ ল'লে ৰসৰাজৰ দৰে
বয়স জুখিবা বন্ধুৰে
আবাল বৃদ্ধ বনিতা সকলো যে আজি এওঁৰে
এওঁৰ ভাবত মানুহতকৈ ডাঙৰ দেৱতা নাই
শিক্ষক সকলক এওঁ সকলোতকৈ ওপৰত দিয়ে ঠাই
এওঁৰ মুখলৈ চাই এনে লাগে
জীৱনৰ পঢ়াশালিত পাঠদান দিয়া
এওঁ এজনা লাফিং বুদ্ধই চাগে
卐卐卐卐卐卐卐卐卐卐卐卐
About the Author
Dr Prayag Saikia
Dr Prayag Saikia is a renowned Poet from Assam and Kalaguru Bishnu Prasad Rabha Awardee from Asam Sahitya Sabha 2018-2020